নতুন বছৰ, নতুন চিন্তা, নতুন অসম

Breaking

Wednesday, February 19, 2020

জলসিঞ্চন (Irrigation) বিভাগৰ পৰীক্ষাৰ ফলাফল ঘোষণাত উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

জলসিঞ্চন (Irrigation) বিভাগৰ পৰীক্ষাৰ ফলাফল ঘোষণাত উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ ।


চাকৰি দিয়াৰ নামত লাখ লাখ নিৱনুৱাৰ সৈতে ল’ৰা ধেমালী ৰাজ্য চৰকাৰৰ। চাকৰিৰ নামত চলিছে কেৱল ভেকো ভাওনা। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, APDCLৰ পিছত এইবাৰ জলসিঞ্চন বিভাগৰ চাকৰিত চূড়ান্ত অনিয়ম আৰু বেমেজালি।

সঠিককৈ পৰীক্ষা অনুষ্ঠিত কৰাত চূড়ান্ত ভাবে ব্যৰ্থ হোৱা, বাৰে বাৰে ব্লেক লিষ্টেড কোম্পানীৰ দ্বাৰা পৰীক্ষা পাতি আহিছে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে। এলাহাবাদ হাই ক’ৰ্টে ব্লেক লিষ্টেড কৰা মুম্বাইৰ ‘এপটেক’ কোম্পানীয়ে জলসিঞ্চন বিভাগৰ পৰীক্ষা পতাৰ নমাত চূড়ান্ত বেমেজালিৰ সৃষ্টি কৰাৰ অভিযোগ তুলি বহু চাকৰি প্ৰাৰ্থী দাৰস্থ হৈছিল উচ্চ ন্যায়ালয়ৰ।

বুধবাৰে এই বিষয়ত শুনানি গ্ৰহণ কৰি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে জলসিঞ্চন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি কৰে। আনকি উচ্চ ন্যায়ালয়ক অনুমতি অবিহনে এই পৰীক্ষাৰ ফলাফলো ঘোষণা কৰিব নোৱাৰিব ৰাজ্য চৰকাৰে।উল্লেখযোগ্য যে,  হৈ যোৱা ‘চেক্চন এছিচটেণ্ট’ ৰ প্ৰতিটো পদত প্ৰায় ৭ৰ পৰা ৯ লাখ টকালৈকে দৰ দাম হোৱাৰো অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে, প্ৰতিটো পৰীক্ষাতে চূড়ান্ত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঠিকেই এখন তদন্ত কমিটী গঠন কৰি দিয়ে। কিন্তু সেই কমিটীৰ তদন্ত প্ৰক্ৰিয়া কিদৰে আগবাঢ়ে সেয়া কাৰোৰে চকুত নপৰে।

কথাই পতি দুৰ্নীতিৰ বিৰুদ্ধে ‘শূণ্য সহনশীল’ বুলি  প্ৰতিখন সভাই সমিতিয়ে মন্তব্য কৰা ৰাজ্য চৰকাৰ খনে কাৰ্যত দুৰ্নীতি ৰোধত কিমান সফল হৈছে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন।

No comments:

Post a Comment

Teacher Transfer Portal – Online Mutual Transfer & Posting Of Teacher

  Teacher Transfer Portal                                                      In a bid to improve the quality of Education and to maintain ...