নতুন বছৰ, নতুন চিন্তা, নতুন অসম

Breaking

Sunday, February 16, 2020

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা


প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা
PM KISAN BENEFICIARIES WITH KCC
 :


প্ৰাকৃতিক দুৰ্যোগৰ ফলত বিভিন্ন কাৰণত খেতিপথাৰৰ শস্য নষ্ট হ'লেও কৃষকসকলে যাতে আৰ্থিকভাৱে বিপৰ্যস্ত হ'বলগীয়া নহয় তাৰ নিশ্চয়তা প্ৰদানৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বধীন এন ডি এ চৰকাৰে ৰূপায়ণ কৰা এখন বীমা আঁচনি হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। উক্ত আঁচনিখন প্ৰধানমন্ত্ৰীয়ে ২০১৬ চনৰ ১৮ ফেব্ৰুৱাৰীত উদ্ধোধন কৰিছিল।

উক্ত আঁচনিখনৰ মূল উদ্দেশ্য হৈছে-

ক) খেতি নষ্ট হোৱাৰ ফলত সন্মূখীত হোৱা আৰ্থিক ক্ষতিৰ বিপৰীতে কৃষকক বীমাৰ সুবিধা প্ৰদান কৰা তথা কৃষকক বিত্তীয় সাহাৰ্য আগবঢ়োৱা।
খ) কৃষিকাৰ্যত অবিৰতভাৱে জড়িত থাকিব পৰাকৈ কৃষকসকলকৰ উপাৰ্জন সুস্থিৰ কৰি ৰখা।
গ) কৃষকসকলক আধুনিক কৃষি প্ৰদ্ধতিৰ প্ৰতি আগ্ৰহী কৰি তোলা। কৃষিখণ্ডলৈ বিত্ত যোগানৰ প্ৰক্ৰিয়া অব্যাহত ৰখা।
প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বিশেষত্ব-
উক্ত আঁচনিৰ অধীনত কৰা শস্যৰ বীমাৰ অধীনত খাৰিফ শস্যৰ ক্ষেত্ৰত কৃষকসকলে বীমাৰ ধনৰাশি বিপৰীতে ২ শতাংশ প্ৰিমিয়াম দিব লাগে। আনহাতে, ৰবি শস্যৰ ক্ষেত্ৰত প্ৰিমিয়ামৰ পৰিমান ১.৫ শতাংশ। বছৰেকীয়া বাণিজ্যিক শস্য আৰু উদ্যান শস্যৰ খেতিৰ বীমাৰ ক্ষেত্ৰত কৃষকে মাত্ৰ ৫ শতাংশ প্ৰিমিয়াম দিব লাগে। এই শস্য বীমাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা আগবঢ়াবলগীয়া ৰাজসাহায্যৰ কোনো উচ্চ সীমা নাথাকে। কৃষকে দিয়া প্ৰিমিয়ামৰ পাছত বাকী থকা প্ৰিমিয়ামৰ পৰিমাণ যদি ১০ শতাংশ হয় সেয়া চৰকাৰে পৰিশোধ কৰে।

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত অন্তৰ্ভূক্ত হ'ব পৰাকৈ কৃষকৰ যোগ্যতা-

ক) কোনো এটা নিৰ্দিষ্ট বতৰত শস্য বীমাই সামৰি লোৱা শস্যৰ খেতি কৰা সকলো কৃষকেই উক্ত যোজনাত অন্তৰ্ভূক্ত হ'ব পাৰে।
খ) কৃষকৰ ক্ষেত্ৰত বেংকত কৃষি ঋণ একাউণ্ট অথবা কে চি চি একাউণ্ট থকাটো বাধ্যতামূলক।

শস্য বীমাৰ সময় আৰু আবেদনৰ সময়সীমা-

ক)খাৰিফ বতৰত কৰা শস্যৰ বীমাই সামৰি লোৱা সময়সীমা হৈছে প্ৰতিটো বছৰৰ এপ্ৰিলৰ পৰা জুলাই মাহ। এই বতৰৰ শস্য বীমাৰ বাবে কৃষকে ৩১ জুলাইত আবেদন কৰিব পাৰে।
খ)ৰবি বতৰত শস্য বীমাৰ বাবে কৃষকে ৩১ ডিচেম্বৰত আবেদন কৰিব পাৰিব। উল্লেখ্য যে, আমাৰ ৰাজ্যখনত চুক্তিবদ্ধ কৃষক আৰু আধিয়াৰকে ধৰি সকলো কৃষকে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব।
গ)কে চি চিৰ জড়িয়তে কৃষি ঋণ লোৱা কৃষকক এই আঁচনিৰ জড়িয়তে সামৰি লোৱাটো বাধ্যতামূলক।
ঘ)কৃষি লোণ নোলোৱা কৃষকে ওচৰৰ যিকোনো বেংকৰ শাখা/প্ৰাথমিক কৃষি ঋণ সমিতিৰ পৰা বীমাৰ সুবিধা লাভ কৰিব।
ঙ) বেংকৰ পাছবুকৰ কপি।
চ) মাটিৰ প্ৰমানপত্ৰ/মাটিৰ খাজনা দিয়া ৰচিদ প্ৰয়োজনীয়।

বীমাৰ সুবিধা-

(প্ৰতি হেক্টৰ কৃষিভূমিৰ বাবে)
শালিধানৰ ক্ষেত্ৰত - ৫৯,৪০০ টকা
মৰাপাটৰ ক্ষেত্ৰত - ৫৫,৩০০ টকা
মাটিমাহৰ ক্ষেত্ৰত - ৩১,১০০ টকা

১ হেক্টৰ কৃষিভূমি পৰ্যন্ত কৃষকৰ প্ৰিমিয়ামৰ অংশ অসম চৰকাৰে বহন কৰিব।



          Download : KCC FORM



সবিশেষ জানিবলৈ আৰু নাম পঞ্জীকৰণৰ বাবে যোগাযোগ কৰক - জিলা কৃষি বিষয়াৰ কাৰ্যালয়
এ আই চি এল - ১৮০০১০৩০০৬১
এইচ ডি এফ চি আৰ্গো - ০২২৬২৩৪৬২৩৪

No comments:

Post a Comment

Teacher Transfer Portal – Online Mutual Transfer & Posting Of Teacher

  Teacher Transfer Portal                                                      In a bid to improve the quality of Education and to maintain ...